কিনকিনিয়া বৰষুণ, বানপানী ইত্যাদি
কিনকিনিয়া বৰষুণ গৰম দিনত মনটো জোৰ পৰি যায়
কাৰোবাৰ বাবে আকৌ সেই বৰষুণ
আকাশ দাঙি চাই প্ৰেমালাপৰ সমল,
কাৰোবাৰ বাবে পথাৰৰ খৰাং মাটিৰ সতেজ তেজ,
কাৰোবাৰ জালত মাছ পোৱাৰ আনন্দ,
মোৰ হলে নৈপৰীয়া ঘৰ,
তাতে ফেনেফুটুকাৰে বাঢ়ি অহা বানপানী,
বতাহৰ কোবত ঢৌৰ চতুৰালী,
চপৰ চপৰকৈ খহি পৰে নদী ।
সেই বৰষুণত
কবিবোৰে বিচাৰি পাই প্ৰেম,
শব্দৰ মায়াজালেৰে লিখে কবিতা,
মই হলে বিচাৰি পাওঁ,
হাজাৰ হাজাৰ নৈপৰীয়া মানুহৰ- দুখ।
চহৰৰ মানুহে কি বুজিব
নৈপৰীয়া দুখ
সিহঁতে মাত্ৰ ভালপাই চাংঘৰ
চাংঘৰত বহি এবাটি আপংৰ জুতি,
গৰৈ মাছৰ পিটিকা,
আৰু ঐনিতম।
আপুনি জানেনে
ঐনিতম মোৰ নৈপৰীয়া লগৰী
জীয়াই থকাৰ সমল,
গীত গালে মনবোৰ পাতল লাগে।
কেতিয়াবা এবাটি আপংত ভোকবোৰ মৰে।
বানপানীত গৰু মোহবোৰে চতফটাই,
পানীৰ তলত গোহালি,
কিন্তু কি আচৰিত,
কণমানিবোৰে ফুৰ্তি কৰে,
কাৰণ পানী বাঢ়িছে,
সিহঁতে দুখ বুজি নাপায়।
পোৱা নোপোৱাৰ অভ্যাস হৈছে।
মোৰ নৈপৰীয়া মানুহৰ কাৰণে-
পানীয়েই জীৱন
No comments:
Post a Comment